ডিব্ৰুগড়ঃ সাংবাদিক চক্ৰপাণি পৰাশক বৃহস্পতিবাৰে ৰাতিৰ ভাগত কৰা আক্ৰমণক লৈ সমগ্ৰ ৰাজ্যৰ বৌদ্ধিক মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয়নো, সাংবাদিক চক্ৰপাণি পৰাশৰ প্ৰতিটো বাতৰি কিছু অসাধু চক্ৰৰ মুৰৰ কামৰণি হৈছিল। তাৰ বাবে এই ঘটনা সংঘটিত হৈছে৷
ইপিনে, সাংবাদিকক এনে আক্ৰমণ কৰা ঘটনাক ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চ আৰু আপকু ডিব্ৰুগড় জিলা সমিতিয়ে তীব্ৰ গৰিহণা জনাইছে। ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সভাপতি দিবাকৰ দত্ত, কাৰ্যকৰী সভাপতি ধনটি শইকীয়া, সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়া আৰু ডিব্ৰুগড় জিলা আপকুৰ সভাপতি আব্দুল ৰাজাক, কাৰ্যকৰী সভাপতি ধৰণী গগৈ আৰু সাধাৰণ সম্পাদক স্মৃতি ৰেখা কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সময়ে সময়ে অসমৰ সততাৰে কাম কৰা একাংশ সংবাদিকক অসাধু চক্ৰয়ে টাৰ্গেট কৰি লৈছে। আমি সাংবাদিক সংগঠনৰ ফালৰপৰা এই অসাধু চক্ৰক সকিয়াই দিছোঁ। কিয়নো, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক এনেকৈ ধ্বংস কৰিব খোজাটো অতি দুৰ্ভাগ্যৰ কথা। দোষীক অতি সোনকালে কৰায়ত্ত কৰি কঠোৰ শাস্তি দিবলৈ চৰকাৰক দাবী জনাইছোঁ।