মিৰ্জাঃ ১৯৭৩ চনতে স্থাপিত দক্ষিণ কামৰূপৰ পলাশবাৰীৰ নহিৰা গুইমাৰা অঞ্চলিক হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ দেওবাৰৰপৰা দুদিনীয়া কাৰ্যসূচীৰে বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয়। পুৱাৰ ভাগত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক ধীৰেন কুমাৰে আৰু ছাত্ৰ সমাৰোহৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি জ্যোতিষ ভাগৱতীয়ে। সমৰোহ উপলক্ষে আয়োজন কৰা প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে প্ৰাক্তন প্ৰধান শিক্ষক কুমুদ কলিতাই।
বিয়লি দুই বজাত আসাম ট্ৰিবিউন গোষ্ঠীৰ ডেভলপমেণ্ট অফিছাৰ প্ৰণৱ দত্ত গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত অন্তৰংগ আলাপ অনুষ্ঠানত বিদ্যালয়খনৰ কেইবাগৰাকীও প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্ৰীক গামোছা, সম্বৰ্ধনা পত্ৰ আৰু গছপুলিৰে সম্বৰ্ধনা জনোৱা হয়। খগেন্দ্ৰ দাস, টিকেন্দ্ৰ মেধী, আদিত্য শৰ্মা, কুমুদ কলিতা, কুশল কলিতা প্ৰমুখ্যে কেইবাজনো শিক্ষকক সম্বৰ্ধনা জনোৱা নষ্টালজিক হৈ পৰে। সম্পাদক জয়ন্ত গোস্বামীয়ে আতধৰা অনুষ্ঠানটোত বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ প্ৰথম বছৰৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।