153
জাজৰিঃ বৰিবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত জাজৰি শিমলুতলৰ এঘৰ গৃহস্থিত যোৱা শুকুৰাবাজৰে দিনৰ পোহৰতে চুৰি কাণ্ড সংঘটিত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
জানিব পৰা মতে যোৱাকালি বিয়লি প্ৰায় ৪.৩০ মান বজাত জাজৰি শিমলুতল নিৰ্বাসী নৱ মহন্তৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ ঘৰৰ সন্মুখৰ দৰ্জা ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু গডৰেজ ভাঙি নগদ ধন, প্ৰায় ৩০ হেজাৰ টকা মূল্যৰ সোন-ৰূপৰ অলংকাৰ আৰু কিছু কাঁহৰ বাচন বৰ্তন লৈ যায়।