61
লখিমপুৰঃ চ’ত মাহ সোমোৱাৰ লগে লগে ৰাজ্যত উখল-মাখল পৰিৱেশ৷ পলাখ, মদাৰ, শিমলুৱে যেন ৰাজ্যবাসীৰ মাজলৈ কঢ়িয়াই আনিলে হেপাহৰ ৰঙালী বিহুটি।
চৌদিশে এতিয়া ঢোলৰ গুম-গুমনি। পেঁপা মাতত নাচনী কঁকাল ভঙা নাচ। সকলো ব্যস্ত কেৱল বিহু আখৰাত৷ কাৰণ বহাগলৈ আৰু মাত্ৰ এটা মাহ বাকী।