62
বৰনৰ্দ্দীঃ নলবাৰী চহৰৰ ঐতিহ্যমণ্ডিত মহেন্দ্ৰ নাৰায়ণ বালিকা মহাবিদ্যালয়ত ১৮ খন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে যোৱা বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় মাণ্ডলিক যুৱমহোৎসৱৰ সফল সামৰণি পৰে।
যোৱা ২৬ মাৰ্চৰপৰা অনুষ্ঠিত হোৱা দক্ষিণ পশ্চিম মণ্ডলৰ অধীনৰ নলবাৰী, বৰপেটা,আৰু বাস্কা জিলাৰ ওঁঠৰখন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। প্ৰথম দিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল হাজৰিকাই উদ্বোধন কৰে।