মিৰ্জাঃ সমাগত লোকসভা নিৰ্বাচন উপলক্ষে ৰাজ্যৰ আকাশ-বতাহ ৰাজনৈতিক উভয়ৰে উজ্জিৱীত হৈ থকাৰ মাজতে কিছুদিন পাছতে আহিবলগীয়া অসমীয়া জাতিৰ অতি আদৰৰ হেপাহৰ ৰঙালী বিহুক আদৰিবলৈ সাজু হৈছে অসমৰ ৰাইজ।
নিৰ্বাচনী তৎপৰতাৰ মাজতো সদিয়াৰপৰা ধুবুৰীলৈ শিল্পীকে ধৰি সাধাৰণ ৰাইজে ব্যস্ত হৈ পৰিছে ৰঙালী বিহুলৈ৷ তেনেদৰে ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ কেহেৰুৱাবাৰীতো সমাগত ৰঙালী বিহুক লৈ বিহুৰ আখৰা আৰম্ভ হৈছে। আখৰাৰ তত্বাবধান কৰিছে শিল্পী ভাতৃদ্বয় ৰুবুল বৈশ্য আৰু বুবুল বৈশ্যই।