বৰনৰ্দ্দীঃ চিআৰইউৰ নলবাৰী জিলা সমিতিয়ে সোমবাৰে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে চিআৰইউৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে ছেলছ্ প্ৰমোচন কৰ্মীৰ বাবে চৰকাৰে ২০১৫ চনতে নিৰ্ধাৰণ কৰি দিয়া নুন্যতম মজুৰি কিছুমান কোম্পানীয়ে আজিও আদায় নিদিয়াৰ প্ৰতিবাদত পুৱা ১০ বজাত নলবাৰী চহৰৰ নাট্য মন্দিৰৰপৰা নলবাৰী শ্ৰম বিষয়াৰ কাৰ্যালয়লৈ এটা সমদল উলিওৱা হয়।
উক্ত সমদলত শতাধিক ছেলছ প্ৰমোচন কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। Medical আৰু Sales Representativesসকলৰ বাবে ৮ ঘন্টা কামৰ আইনী মৰ্যাদা প্ৰদান কৰা, মাহিলী নুন্যতম মজুৰি ১৮,০০০ টকা প্ৰদান, আইন ভংগকাৰী কোম্পানীসমূহৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী সম্বলিত এখন স্মাৰক-পত্ৰ নলবাৰী জিলাৰ শ্ৰম বিষয়াক প্ৰদান কৰে চিআৰইউ নলবাৰী জিলাৰ সম্পাদক ৰাতুল বৰ্মনে।