মৰিগাঁওঃ আগন্তক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মৰিগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশনাত চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে চলি থকা তীব্ৰ অভিযানৰ মাজতে সোমবাৰে মিকিৰভেটা থানাৰ অন্তৰ্গত নিজ কপাহেৰা আৰু পলাহগুৰিত মৰিগাঁও আবকাৰী বিভাগ আৰু মিকিৰভেটা আৰক্ষীয়ে চলোৱা এক অতৰ্কিত অভিযানত তিনিশ লিটাৰ চুলাই মদ আৰু বৃহৎ পৰিমাণৰ প্ৰস্তুতকৰণ সামগ্ৰী ধ্বংস কৰিবলৈ সক্ষম হয়।
মৰিগাঁও জিলা আবকাৰী বিষয়া মুছাৰব হুছেইন, মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পলাশ আহোম আৰু মিকিৰভেটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমিতাভ শেনচোৱাৰ নেতৃত্বত চুলাই মদৰ বিৰুদ্ধে চলা অভিযান কালত নিজ কপাহেৰা আৰু পলাহগুৰিৰপৰা ৩০০ লিটাৰ চুলাই মদ আৰু বৃহৎ পৰিমাণৰ লালী গুড়সহ প্ৰস্তুতকৰণ সামগ্ৰী ধ্বংস কৰিবলৈ সক্ষম হয়।