তেজপুৰঃ সুৰাসক্ত স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত আপোনঘাতী হ’ল পেটত নমহীয়া সন্তান থকা এগৰাকী মহিলা। তেজপুৰৰ গটঙাত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। দিনে-নিশাই সুৰাৰ ৰাগীত মত্ত স্বামীৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি গৰ্ভৱতী বোৱাৰীগৰাকীয়ে গাত কেৰাচিন তেল ঢালি আত্মহননৰ চেষ্টা কৰি মৃত্যু সাৱতি লোৱা ঘটনাটোক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে নিশা পৰিস্থিতি উত্তপ্ত হৈ পৰে তেজপুৰত৷
পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি৷ তেজপুৰ গটঙাত বৃহস্পতিবাৰে নিশা সংঘটিত হৈ এই ঘটনা। গটঙাৰ যতীন পটংগীয়া আৰু মৰমী পটংগীয়াৰ পুত্ৰ প্ৰবীণে পত্নী চম্পাক গাত কেৰাচিন তেল ঢালি জ্বলাই দিয়াৰ অভিযোগ তুলি গাওঁখনৰ ৰাইজে উত্তপ্ত কৰি তোলে পৰিস্থিতি৷