পলাশবাৰীঃ চুলাই মদ সেৱন কৰি শতাধিক লোক নিহত হোৱাৰ পিছতো ৰাজ্যৰ বহু অঞ্চলত আজিও চলি আছে চুলাই মদৰ ৰমৰমীয়া মুকলি বেহা। ইয়াৰে সমান্তৰালভাৱে দক্ষিণ কামৰূপৰ পলাশবাৰী নদীপাৰৰ পুৰাণ কাৰীপাৰাত আবকাৰী বিভাগৰ এটি বৃহৎ দলে অভিযান চলাই চুলাই মদৰ ঘাটি আৰু প্ৰায় দুশ লিটাৰ চুলাই মদ বিনষ্ট কৰে।
মিৰ্জা আবকাৰী সহপৰিদৰ্শক সতীশ বৰ্মনৰ নেতৃত্বত যোৱা মিৰ্জা আবকাৰী চক্ৰ, ছয়গাওঁ আবকাৰী চক্ৰ, বকো আবকাৰী চক্ৰ আৰু পলাশবাৰী আৰক্ষী থানাৰ সহযোগত এই অভিযান চলায়। অভিযান কালত চুলাই মদ প্ৰস্তুত কৰা বহুকেইটা ঘাটি, বাচন-বৰ্তনকে ধৰি বহু সামগ্ৰী নষ্ট কৰে যদিও দলটোক দেখি বহুকেইজন চুলাই প্ৰস্তুত কৰা ব্যক্তি পলাই যাবলৈ সক্ষম হয়।