102
নগাঁওঃ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাত এন আই এক্টৰ অধীনত অহা ১১ আৰু ১৮ এপ্ৰিলত বন্ধৰ দিন ঘোষণা কৰা হৈছে৷
সেই অনুসৰি সেই দুটা দিনত জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান, চাহ-বাগিচা আৰু কল-কাৰখানা আদি বন্ধ থাকিব বুলি জিলা জনসংযোগ বিভাগে জানিবলৈ দিছে৷