নলবাৰীঃ বাদ-বিসম্বাদ আৰু অন্তৰ্কন্দলে জুৰুলা কৰা ধৰ্মপুৰ কংগ্ৰেছত সম্প্ৰতি অব্যহত আছে দল ত্যাগৰ ধাৰাবাহিক জোৱাৰ৷ বুধবাৰে সমষ্টিটোৰ ৩১ (৩) দক্ষিন পকোৱা পঞ্চায়তৰ মূখ্য নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰাৰ অৰ্থে অনুষ্ঠিত অনুষ্ঠানত কংগ্ৰেছৰ দুৰ্গস্বৰূপ বাটসৰ-বগুৰিহাটীৰ বহুকেইগৰাকী কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে৷
উক্ত পঞ্চায়তখনৰ সভাপতি তথা পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ উপ-সভাপতি নাজিম উদ্দিন আহমেদৰ তত্বাৱধানত বিজেপিত যোগদান কৰা সদস্যসকল হ’ল ক্ৰমে কন্দৰ্প বৰুৱা, অজয় বৰুৱা, প্ৰসন্ন বৰুৱা, পুতুল বৰুৱা, মাধৱ বৰুৱা আদি৷