53
গুৱাহাটীঃ দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সফল সমাপ্তিৰ পাছত অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।
তাৰ বাবে দেওবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে সামৰণি পৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ। দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰো ৪টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব এই তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।