71
মংগলদৈঃ যোগ-পীঠ হৰিদ্বাৰৰ পৰিচালনাত পতঞ্জলি যোগ সমিতি দৰং জিলা সমিতিৰ উদ্যোগত যোগ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে পাথৰিঘাট শ্বহীদ ভৱনত ৩ তাৰিখৰ পৰা ৫ দিনীয়াকৈ অনুস্থিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে দৰং জিলাৰ যোগ প্ৰচাৰক প্ৰহ্লাদ দাস।
প্ৰশিক্ষণ কাৰ্যসূচীটো ৰূপায়ণৰ দায়িত্ব লয় যোগ-প্ৰশিক্ষক তথা প্ৰকৃতি সুৰক্ষা পৰিষদ দৰং জিলা সমিতিৰ সভাপতি পৱিত্ৰ প্ৰাণ ডেকা আৰু সমাজ সেৱক বিমল ডেকাই।