জিতুমনি নাথ, মৰিগাঁওঃ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা জন্মস্থানক লৈ চলি থকা বিতৰ্কৰ মাজতেই মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰীৰ মৰাসোণাই পাৰৰ আঁহতগুৰি চাপৰিত বেজবৰুৱা জন্মস্থানৰ নতুন তথ্য উদ্ধাৰ হোৱা বুলি দাবী কৰিছে মৰাসোণাই পাৰ শাখা সাহিত্য সভাৰ লগতে সাহিত্যিক ভাৰত চন্দ্ৰ নাথে।
সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত তেওঁলোকে কয় ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ জীৱনকালতে জন্মস্থানত সজাই থৈ যোৱা এটা গৰখীয়া দৌল ঘৰ উদ্ধাৰ কৰা হৈছে। তেওঁ জীৱনকালতে সজোৱা আহোম ৰাজত্ব কালৰ ভাস্কৰ্যৰে গৰখীয়া দৌল ঘৰটো মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰীৰ মৰাসোণাই পাৰৰ আঁহতগুৰি চাপৰিত অৱস্থিত।