Home ৰাজ্যএকে নিশাই ৯ খন দোকানত চাফাই অভিযান চোৰৰ

একে নিশাই ৯ খন দোকানত চাফাই অভিযান চোৰৰ

by News Desk
A+A-
Reset
images

বৰনৰ্দ্দীঃ পশ্চিম নলবাৰী অঞ্চলত এতিয়া চোৰৰ টিঘিল ঘিলনি চলিছে। কিয়নো আজি কিছুদিনৰপৰা অঞ্চলটোত চোৰৰ উপদ্ৰপৰ ফলত ত্ৰাসিত হৈ পৰিছে সৰ্ব সাধাৰণ ৰাইজ। উল্লেখ্য যে, বেলশৰ থানাৰপৰা নিচেই ওচৰত থকা ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ সন্মুখত থকা বেলশৰ বজাৰ চ’কত সোমবাৰে নিশাৰ ভাগত ৯ খনকৈ দোকানত চুৰিকাণ্ড সংঘটিত হয়।   

ঘটনাৰ মতে কালি বেলশৰ বজাৰ চ’কত থকাত ৯ খন ব্যৱসায়ীক প্ৰতিষ্ঠানৰপৰা চোৰে নগদ ধনকে ধৰি বৃহৎ পৰিমানৰ বয়-বস্তু লুট কৰি নিয়ে। চোৰে গেলামাল, ষ্টেচনাৰী, কাপোৰ, ইলেকট্ৰিকেল দোকান আদিৰপৰা লুটপাত চলায়। ঘৰৰ ওপৰৰ টিনপাত খুলি চোৰে ভিতৰত প্ৰৱেশ কৰি চুৰিকাণ্ড সংঘটিত কৰে। পিছত ব্যৱসাসীয়ে স্থানীয় বেলশৰ থানাত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0