গুৱাহাটীঃ আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ চমকপ্ৰদ প্রদর্শন আগবঢ়াই গুৱাহাটীত উপস্থিত অসম সন্তান ৰিয়ান পৰাগ। 

সোমবাৰ এক বিশেষ বিমান যোগে সন্ধিয়া ৯ বজাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হয়। ৰিয়ান পৰাগ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে বহুতো শুভাকাংক্ষীয়ে ৰিয়ানক বিমানবন্দৰত সম্বৰ্ধনা জনায়।

উল্লেখ্য যে, শনিবাৰে দিল্লী কেপিটেলৰ বিৰুদ্ধে অধঃশতৰাণৰ এক ৰাজকীয় ইনিংছ দলক দর্শকক উপহাৰ দি আই পি এলত সৰ্বকনিষ্ট অধঃশতৰাণ কৰা খেলুৱৈৰ কৃতিত্ব অর্জন কৰিছিল যুৱ ক্ৰিকেটাৰ গৰাকীয়ে।

ইফালে মঙলবাৰে দিনৰ ১২ বজাত খাৰঘুলি "মেঘমল্লা এপাৰ্টমেণ্ট" আই পি এলৰ অভিজ্ঞতা বৰ্ণনা কৰি এক সংবাদ মেল সম্বোধন কৰিব বুলি জানিব পৰা গৈছে।