গুৱাহাটীঃ ৰাজ্যৰ ডিটেনচন কেম্পক লৈ দেশৰ উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গঠিত খণ্ড বিচাৰপীঠে শুকুৰবাৰে ডিটেনচন কেম্পৰ সন্দৰ্ভত এই ৰায় প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে৷
সেই অনুসৰি এতিয়াৰপৰা বিদেশী বুলি চিনাক্ত হোৱা কোনো লোকক তিনিবছৰৰ অধিক কাল ডিটেনচন কেম্পত ৰাখিব নোৱাৰিব।ন্যায়ালয়ক এক লাখ টকাৰ মূল্য বণ্ড প্ৰদান কৰি মুকলি হ’ব পাৰিব দিটেনচন কেম্পৰপৰা। কিন্তু তাৰ বাবে দুজন ভাৰতীয়ৰপৰা গাইপতি এক লাখ টকাকৈ বণ্ড দিয়াব লাগিব ন্যায়ালয়ক।