নগাঁওঃ নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু দেশবন্ধু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত শনিবাৰে বিদ্যালয়ৰ সভাগৃহত ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা তথা অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙৰ সঞ্চালনাত “আইনী সাক্ষৰতা পাঠদান” শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত কৰে৷
নগাঁও ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে ন্যায় সেৱা প্ৰাধিকাৰী আইন ১৯৮৭ ৰ ব্যাখ্যা আগবঢ়োৱাৰ উপৰিও ন্যায় সেৱা প্ৰাধিকাৰীয়ে বৰ্তমান কৰি অহা বিভিন্ন সজাগতা সভা, নিজ ঘৰতে পৰিয়ালৰ দ্বাৰা নিপিড়িত, নিৰ্যাতিত, দিব্যাংগ, দৰিদ্ৰ, মানসিকভাৱে সক্ষম লোক সকলকৰ হৈ কৰি অহা উন্নয়ন আৰু গঠন মূলক কাম-কাজ সমূহৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷