জয়ন্ত মুদৈ, নগাঁওঃ বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে নগাঁও জিলাৰ বেবেজীয়াৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান আৰ্য জাতীয় বিদ্যালয়লৈ আনন্দৰ জোৱাৰ আনিছে৷
শিক্ষানুষ্ঠানখনৰপৰা পোন প্ৰথমবাৰৰ বাবে অঞ্চলটোৰ শৈক্ষিকক্ষেত্ৰখনক উজ্জ্বলাই ছাত্ৰী নিশিতা খাটনিয়া (টিনা)ই ৰাজ্যৰ ভিতৰত অষ্টম স্থান দখল কৰিবলৈ সক্ষম হয়৷ ছাত্ৰীগৰাকীয়ে অসমীয়াত ৯৬, ইংৰাজীত ৯৫, গণিত ১০০, উচ্চ গণিত ৯৭, সাধাৰণ বিজ্ঞান ১০০ আৰু সমাজবিদ্যাত ৯৮ শতাংশ নম্বৰসহ সৰ্বমুঠ ৫৮৬ নম্বৰ লাভ কৰিছে৷