108
হাওৰাঘাটঃ অতিকৈ অনগ্ৰসৰ অঞ্চল হিচাপে পৰিগণিত কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী হোজাই জিলাৰ দেৱস্থানৰ এগৰাকী ছাত্ৰীয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছটা বিষয়ত লেটাৰ নম্বৰসহ ৯২ শতাংশ নম্বৰ লাভ কৰি উজ্বলি উঠিছে৷
মৌডঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী জাহিদা ৱাহিদে অসমীয়া, ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞান, গণিত আৰু আৰবী বিষয়ত লেটাৰ নম্বৰ লাভ কৰি ডিষ্টিংচনসহ উত্তীৰ্ণ হয়৷ জাহিদাৰ এই সাফল্যত বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলতে আনন্দৰ জোৱাৰ উঠিছে৷