72
আমগুৰিঃ আমগুৰিৰ নামতিত ধোদৰ আলিত বুধবাৰে বিয়লি সংঘটিত হয় এক পথ দুর্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক।
নামতি খনিকৰ গাঁৱৰ ২৩ বছৰীয়া সমীৰণ খনিকৰ নামৰ যুৱকজনে দ্ৰুতগতিৰে চলাই অহা ভেচপা স্কুটাৰখনৰ নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ খাৱৈত পৰি যায়। মূৰ আৰু বুকুত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত যুৱকজন ঘটনাস্থলীতে নিহত হয়।