গুৱাহাটীঃ বিহাৰৰ আঢ়ৈ দশক পুৰণি নশ কোটিটকীয়া পশু খাদ্য কেলেংকাৰিয়ে সম্প্ৰতি নতুন মোৰ লৈছে। বিজেপিৰ ঘোৰ শত্ৰু ৰাষ্ট্ৰীয় জনতা দল (আৰ জে ডি)ৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে পুনৰ ফৌজদাৰী গোচৰ ৰুজু কৰিবলৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চি বি আই)ক নিৰ্দেশ দিছে।
কিছু বছৰ পূৰ্বে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী যাদৱসহ একাংশক এই বিয়াগোম কেলেংকাৰিৰ অভিযোগৰ পৰা মুক্ত কৰে। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই তদন্তকাৰী সংস্থাতো সৰ্ব্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইয়াৰ ভিত্তিত আজি উচ্চতম ন্যায়ালয়ে চি বি আইক লালুৰ বিৰুদ্ধে পুনৰ গোচৰ ৰুজুৰ নিৰ্দেশ দিয়ে।