ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত বিগত চাৰিদিন ধৰি অংগনবাড়ী কৰ্মীসকলে অব্যাহত ৰখা প্ৰতিবাদী কাৰ্যসূচীয়ে আজি আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰে৷ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে জিএনবি ৰোড আবদ্ধ কৰি ৰখাৰ ফলত মহানগৰীৰ বৃহৎ অঞ্চলৰ যাতায়ত ব্যাহত হৈ পৰিছে৷ নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰা প্ৰতিবাদকাৰীসকলৰ ওপৰত বজ্ৰ বাহনেৰে পানী মাৰি ছত্ৰভংগ দিয়াবলগা হয় প্ৰশাসনে৷
পাৰিতোষিক বৃদ্ধি কৰাৰ দাবীতে এনেদৰে অংগনবাড়ী কৰ্মীসকলে কৰা প্ৰতিবাদে আজি পাঁচ দিনত ভৰি দিছে৷ আঠ দফীয়া দাবীসম্বলিত পত্ৰ উত্থাপন কৰা অসম অংগনবাড়ী কৰ্মী আৰু সহায়িকা সংস্থাই ৯ মে লৈকে এই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ দিছে৷