ডিজিটেল ডেস্কঃ মাওবাদীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে নাই কোনো চৰ্টকাট। এই মন্তব্য কৰিছে গৃহমন্ত্ৰী ৰাজনাথ সিঙে। অলপতে ২৫ জন ভাৰতীয় চিআৰপিএফ জোৱানে মাওবাদীৰ হাতত প্ৰাণ হেৰুওৱাৰ পৰিপ্ৰেক্ষিততে নক্সাল অধ্যুষিত অঞ্চলসমূহত জোৰদাৰ অভিযান চলোৱাক লৈ কেন্দ্ৰ চৰকাৰে চিন্তা-চৰ্চা চলি থকাৰ সময়তে এনেদৰে মন্তব্য কৰিছে ৰাজনাথ সিঙে।
তদুপৰি মাওবাদীৰ বিৰুদ্ধে যুজিবলৈ কেন্দ্ৰীয় চৰকাৰে বেলেগ কাৰ্যপন্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে গৃহমন্ত্ৰীগৰাকীয়ে৷ বিগত ১২ বছৰত মাওবাদীৰ সংঘৰ্ষৰ বাবে ২০ হাজাৰতকৈও বেছি লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে৷