60
ডিজিটেল ডেস্কঃ ১ জুনৰপৰা আৰম্ভ হ’বলগীয়া ছেম্পিয়নচ ট্ৰফীৰ বাবে সোমবাৰে টিম ইণ্ডিয়াৰ ঘোষণা কৰা হৈছে। দলত ৰোহিত শৰ্মা আৰু শিখৰ ধাৱানৰ প্ৰত্যাৱৰ্তনে অনুৰাগীসকলক উৎফুল্লিত কৰিছে।
উল্লেখ্য যে ৰোহিত শৰ্মা ২০১৬ বৰ্ষৰ নৱেম্বৰ মাহত আঘাতৰ বাবে খেলৰপৰা বিৰত আছিল। তেঁও অন্তিমখন খেল নিউজিলেণ্ডৰ বিৰুদ্ধে অক্টোবৰ মাহত খেলিছিল। একেদৰে ধাৱানে ইংলেণ্ডৰ বিৰুদ্ধে জানুৱাৰী মাহত ২ খন খেলত ভাগ লৈছিল।