জিতুমনি নাথ, মৰিগাঁওঃ সমগ্ৰ দেশৰ লগতে মৰিগাঁও জিলাতো অহা ২৩ মে’ত অনুষ্ঠিত হ’বলগীয়া দেশৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনাৰ প্ৰক্ৰিয়া যাতে সুস্থ আৰু শান্তিপূৰ্ণ হয়, তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে মৰিগাঁও জিলা প্ৰশাসনে।
শনিবাৰে এই সন্দৰ্ভত মৰিগাঁও জিলা প্ৰশাসনে মৰিগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত কৰে এখন সংবাদমেল। মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত সংবাদমেলত উপায়ুক্ত বৰাই ভোট গণনা প্ৰক্ৰিয়াটো সুস্থ আৰু শান্তিপূৰ্ণ হয় তাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰে।