142
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এজন ৰক্তদাতাক চিকিৎসালয়ৰ কৰ্মচাৰীয়ে অভব্য আচৰণ কৰাৰ ঘটনা ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অভিযোগ অনুসৰি, ‘সহায় ৰক্তদান অসম’ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ নগাঁও জিলা সমিতিৰ অনুৰোধ মৰ্মে উক্ত চিকিৎসালয়ত ভৰ্ত্তি হৈ থকা এজন ৰোগীক ৰক্তদান কাৰৰ বাবে মহিদুল ইছলাম নামৰ এজন ৰক্তদাতাই কালি চিকিৎসালয়ৰ ব্লাড বেংকত উপস্থিত হৈছিল।