অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলাৰ উত্তৰাঞ্চলত এতিয়া বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। প্ৰায় প্ৰতিদিনে হাতী মানুহৰ সংঘাতত কেইবাটাও বন্যহস্তীৰ মৃত্যু হোৱাৰ লগতে মানুহৰো প্ৰাণহানি হৈছে।
লগতে বিনষ্ট হৈছে শ শ বিঘা খেতিৰ ভূমি। বিগত বৰ্ষ সমূহত ইয়াৰ সংখ্য যথেষ্ট আছিল যদিও চলিত বৰ্ষৰ আজি পৰ্যন্ত এই সংঘাতত মৃত্যু হৈছে ৭ গৰাকীকৈ নিৰীহ লোকৰ লগতে কৃষক। নিশা হ’লেই অঞ্চলবোৰলৈ আহে বৃহৎ বৃহৎ হাতীৰ জাক। ফলত স্থানীয় লোকসকলে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। বনৰীয়া হস্তীসমূহ এওঁলোকৰ বাবে হৈ পৰিছে অভিশাপস্বৰূপ।