54
গুৱাহাটীঃ ড্ৰাগছৰ বিৰুদ্ধে হোজাইৰ ডবকাত চিআইডি-ভিজিলেন্সৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগসহ আটক তাহিমুদ্দিন মজুমদাৰক।
চিআইডি আৰু ভিজিলেন্সে জানিবলৈ দিয়া অনুসৰি, শনিবাৰে তেওঁলোকে অভিযান চলাইছিল ড্ৰাগছৰ বিৰুদ্ধে। অভিযানত তাহিমুদ্দিন মুজমদাৰৰ গুদামত জব্দ কৰা হৈছে ৪৭ হাজাৰ ক’ফ চিৰাপ সহ ২ লাখ ৬০ হাজাৰ নিচাযুক্ত টেবলেট। লগতে তেওঁলোকে কয় নীতি বহিৰ্ভূতভাৱে এই সামগ্ৰীখিনি তাহিৰুদ্দিনে গুদামত ৰাখিছিল।