দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত পশ্চিম নলবাৰী অঞ্চলৰ চামতাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ইডেন ভেলী একাডেমীৰ কৃতী ছাত্ৰী মধুস্মিতা বৰ্মণে ৰাজ্যৰ ভিতৰতে বিজ্ঞান শাখাত দশম স্থান দখল কৰি সমগ্ৰ পশ্চিম নলবাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
খাটা ৰূপীয়াবাথান গাঁও নিবাসী ৰে’ল বিভাগৰ কৰ্মচাৰী কৰুনাকান্ত বৰ্মণ আৰু প্ৰণিতা বৰ্মণৰ জ্যেষ্ঠ কন্যা মধুস্মিতাই ৯৩•৬ শতাংশ নম্বৰ লাভ কৰি শিক্ষানুষ্ঠানখনলৈ পূৰ্বৰ গৌৰৱৰ ধাৰা অক্ষুন্ন ৰাখে।