52
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত ৰাইদঙীয়াৰ গৰৈমাৰীত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোকৰ কথমপি প্ৰাণৰক্ষা পৰে৷
প্ৰাপ্ত তথ্য মতে, কামৰূপ জিলাৰ মিৰ্জাৰপৰা বৰদোৱা অভিমুখে আহি থকা এএছ০১ডিচি৪৩৩৭ নম্বৰৰ এলপিজি চিলিণ্ডাৰভৰ্তি ট্ৰাকখন শুকুৰবাৰে পুৱা প্ৰায় চাৰে আঠ বজাত নিয়ন্ত্ৰণ হেৰুৱাই নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথৰ গৰৈমাৰীৰ দলঙৰ সমীপত দ খাৱৈত সোমাই যোৱাত দুৰ্ঘটনাটো সংঘটিত হয়৷