নতুন দিল্লীঃ নতুন উদ্যমেৰে তথা নতুন প্ৰয়াসেৰে কাম কৰিবলৈ আগবাঢ়িছে নৱগঠিত মোডী চৰকাৰে৷ পুনৰ দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী পদত অধিস্থিত হোৱা নৰেন্দ্ৰ মোডীয়ে শপত গ্ৰহণ কৰাৰ লগে লগে ১০০ দিনৰ বাবে একচন প্লেনৰ তালিকা তৈয়াৰ কৰিছে৷ 

উল্লেখ্য যে, শুকুৰবাৰে কেবিনেটৰ প্ৰথমখন বৈঠকত ১০০ দিনৰ একচন প্লেনৰ বিষয়ে আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি জানিব পৰা গৈছে৷ নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে এই সন্দৰ্ভত নিজৰ মন্তব্য আগবঢ়াই কয় যে ২০১৪ চনৰ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশানুযায়ী আৰ্থিক কৰ্মসূচী তৈয়াৰ কৰা হৈছিল৷ এই তালিকাৰ মতে নিটি আয়োগে কাম কৰি গৈছিল৷

প্ৰথম ১০০ দিনৰ ভিতৰত মোডী চৰকাৰে নতুনকৈ নেচনেল এডুকেশ্বন পলিচীৰ বিষয়ে ঘোষণা কৰিব৷ য’ত ১০ খন নতুন উচ্চ শিক্ষা অনুষ্ঠানৰ লগতে তাত খালী থকা প্ৰায় ৫ লাখ পদত নিযুক্তি দিয়াৰ সম্ভাৱনা আছে৷ 

প্ৰায় ৭৫ হাজাৰ চৰকাৰী চাকৰিৰ খালী থকা পদত ভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব৷ কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজন সাপেক্ষে খালী হৈ থকা সকলো মন্ত্ৰালয় আৰু বিভাগীয় পদৰ ওপৰত অতি শীঘ্ৰে তালিকা প্ৰস্তুত কৰি উলিয়াব বুলি জানিব পৰা গৈছে৷

দেশত আটাইতকৈ ডাঙৰ সমস্যাৰ অন্যতম হৈছে অৰ্থনৈতিক সমস্যা৷ কেৱল এয়াই নহয় নিৱনুৱা সমস্যা, কৃষি সমস্যাৰ ওপৰতো গুৰুত্ব দিব নতুন চৰকাৰে৷ আনহাতে দেশৰ এনে সমস্যা দূৰ কৰাত নিটি আয়োগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বিবেচিত হৈছে৷ 

দেশত ক্ৰমাৎ বৃদ্ধি পোৱা নিৱনুৱা সমস্যা, কাৰখানা শ্ৰমিকৰ সমস্যা দূৰ কৰি খালী থকা পদত নিযুক্তি দিয়া হ’ব৷ লগতে পৰ্যটন, টেক্সটাইল আদি খণ্ডত কাম কৰা হ’ব৷

কৃষি ক্ষেত্ৰত পৰিশ্ৰম কৰি নিজৰ প্ৰাপ্য নোপোৱা কৃষকসকলৰ প্ৰতি গুৰুত্ব দিয়া হ’ব৷ কৃষিৰ লগত জড়িত থকা কনট্ৰেক্ট ফাৰ্মিং, এপিএমচি এক্ট, এয়াৰ হাউছিং, ক’ল্ড ষ্ট’ৰেজ এনেবোৰ দিশৰ প্ৰতি গুৰুত্ব দিয়া হ’ব৷

তদুপৰি বুলেট ট্ৰেইনৰ বাবে প্ৰয়োজনীয় মাটিৰ অধিগ্ৰহণ, তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ, ভাৰতনেট এনেবোৰ দিশত হোৱা সমস্যাক দূৰ কৰিবলৈ খৰটকীয়া কাম কৰিব চৰকাৰে৷