64
নগাঁওঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলাৰ বিভিন্ন শাখাসমূহত বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়।
নগাঁও নগৰ শাখাৰ উদ্যোগত নগাঁও আৰক্ষী চিকিৎসালয় চৌহদত ঔষধি গছপুলি ৰোপণ কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি গছপুলি ৰোপণ কৰে নগাঁও আৰক্ষী চিকিৎসালয়ৰ মুখ্য চিকিৎসক ডাঃ দ্বীপেন শৰ্মাই।