বিশ্বনাথ চাৰিআলিঃ সমগ্ৰ দেশৰ লগতে অসমতো বিজেপিৰ ধাৰাবাহিকতা অব্যাহত আছে। গেৰুৱা দলটোৱে নিৰ্বাচনত সদ্য সমাপ্ত হোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলক ধূলিস্যাৎ কৰি সন্তোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। দলটোৱে সন্তোষজনক ফলাফল লাভ কৰাত উৎফুল্লিত হৈ পৰিছে দলৰ নেতা-কৰ্মী।
সমান্তৰালভাৱে তেজপুৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসে কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুক প্ৰায় দুই লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। নৱ নিৰ্বাচিত সাংসদ পল্লৱ লোচন দাসক অভিনন্দন জ্ঞাপন কৰাৰ উদ্দেশ্যে বাঘমৰা মণ্ডল বিজেপিৰ উদ্যোগত জিনজিয়া চেন্টাৰৰ কেন্দ্ৰ বিন্দু জ্যোতিপ্ৰসাদ আগৰৱালা ৰঙ্গ মঞ্চত এক সম্বৰ্দ্ধনা অনুষ্ঠানও বিজয় উৎসৱ অনুষ্ঠান অনুষ্ঠিত হয়।