65
বৰপেটাৰোডঃ নামনি অসমৰ বাণিজ্য প্ৰধান চহৰ বৰপেটা ৰোডৰ দিলীপ চিনেমা হলৰ সন্মুখৰ থকা মা মেডিকেল নামৰ এখন ফাৰ্মাচিৰপৰা এজন ভুৱা আয়ুৰ্বেদিক চিকিৎসকসহ তিনি গৰাকী মহিলা দালালক আটক কৰিবলৈ সক্ষম হয় বৰপেটাৰোড আৰক্ষীয়ে।
জানিব পৰা মতে বঙাইগাঁওৰ পাতিলাদহৰপৰা মঙলবাৰে এগৰাকী ৰোগীক চিকিৎসা কৰাবৰ বাবে আহিছিল। কিন্তু শিমলাগুৰিত থকা দালালে ৰোগীজনক মা মেডিকেল সু-চিকিৎসাৰ প্ৰলোভন দি মা মেডিকেলৰ ডঃ আহিদুল ইছলাম নামৰ এজন চিকিৎসকৰ কাষ চাপিছিল।