138
তেজপুৰঃ শোণিতপুৰৰ ইটাখোলাত ১৭ জুনৰ বিয়লি সঞ্জয় ওৰাং নামৰ এজন যুৱকক উটুৱাই নিছিল দিকৰাই নদীৰ বাঢ়নী পানীয়ে৷ চাইকেলেৰে বজাৰলৈ যোৱা অৱস্থাত দিকৰাই নৈৰ সুঁতি পাৰ হ’বলৈ চেষ্টা চলাওতেই পানীৰ সোতে উটুৱাই লৈ গ’ল সঞ্জয়ক৷
বহু বিচাৰ খোচাৰৰ অন্ততো সঞ্জয়ৰ সন্ধান লাভ নকৰাত কালি পুৱাৰে পৰা এচ ডি আৰ এফ ৰ দলে সঞ্জয়ক বিচাৰি আৰম্ভ কৰিছে অভিযান৷ অভিযানত সঞ্জয়ৰ চাইকেলখন উদ্ধাৰ হৈছে যদিও আজিহে উদ্ধাৰকাৰী দলে সঞ্জয়ক উদ্ধাৰ কৰে৷