134
জয়ন্ত মুদৈ,নগাঁওঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত আলিটাঙনী আঞ্চলিক সমিতিৰ উদ্যোগত বুধবাৰে আলিটাঙনী চাৰিআলিত এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়।
সভাত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিৰ উপস্থিত থাকি সমাজৰপৰা অন্যায়, ব্যভিচাৰ, অপৰাধমূলক কাৰ্য-কলাপ প্ৰতিৰোধ কৰাৰ লগতে প্ৰতি ঘৰতে শিক্ষাৰ পোহৰ সু-শিক্ষা নিশ্চিত কৰা আৰু নাৰীক সবলীকৰণৰ কৰাৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনায়৷