46
জয়ন্ত মুদৈ,নগাঁওঃ নগাঁও জিলাৰ শেনচোৱাত শুকুৰবাৰে বিয়লি এখন এল্ট’ গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ খাৱৈত বাগৰি পৰে। জানিব পৰা মতে, নগাঁও চহৰৰপৰা ৰহা অভিমুখে আহি থকা এল্ট’ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ খাৱৈত সোমাই পৰে।
ফলত গাড়ীখনৰ চালকৰূপে থকা আৰক্ষী বিষয়া শশীকান্ত বৰা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ তেওঁক অতি সংকটজনক অৱস্থাত পুখুৰীৰপৰা স্থানীয় ৰাইজে উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।