কামপুৰঃ ৰাজ্যৰ পৰ্যটন বিভাগৰ অমনোযোগীতাৰ বাবে বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ঐতিহ্য বহনকাৰী প্ৰাচীন চিহ্নসমূহ নষ্ট হৈ অহাৰ সময়তে এনে এক পৰিস্থিতিয়ে দেখা গৈছে নগাঁৱৰ কামপুৰত। নগাঁও জিলাৰ কামপুৰ কাৱৈমাৰী বিষ্ণুপুৰী থানৰ বাৰ শ শতিকাৰ শিলৰ ঐতিহাসিক ভিন্ন দেৱ দেৱতাৰ মূৰ্ত্তি সমূহ।
জানিবপৰা মতে, ১৯৫৯ খৃষ্টাব্দত সেই স্থানত বোকাৰ মাজত পোত গৈ থকা অৱস্থাত শিলৰ এটি চৰ্তুভূজ মূৰ্ত্তি উদ্ধাৰ কৰে স্থানীয় ৰাইজে। তেতিয়াৰ পৰাই সেই ঠাইৰ নাম বিষ্ণুপুৰী থান বুলি পৰিচিত হয়।