নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ অগ্ৰণী শিক্ষানুষ্ঠান বিৰহ বেবেজীয়া প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটিত প্ৰাথমিক বৃত্তি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয় তথা অঞ্চললৈ গৌৰব কঢ়িয়াই অনা তিনি গৰাকী মেধাবী ছাত্ৰক সৰ্ম্বধনা জ্ঞাপন কৰা হয় ৷
অনুষ্ঠানত ২০১৭ চনত প্ৰাথমিক বৃত্তি লাভ কৰা ছাত্ৰ কৌশিক দাস আৰু আকাশ দাসক ৫ হাজাৰ টকাৰ চেক, গামোছা আৰু কিতাপৰ টোপোলা প্ৰদান কৰাৰ বিপৰীতে ২০১৮ চনত প্ৰাথমিক বৃত্তি লাভ কৰা নয়ন জ্যোতি দাসক গামোছা, কিতাপৰ টোপোলা প্ৰদান কৰি সৰ্ম্বধনা জনাই বিদ্যালয় কৰ্তৃপক্ষই ৷