ছাইদুল ইছলাম, ডিফুঃ বৃহস্পতিবাৰে ডিফুত হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ সহকাৰী সঞ্চালক কাৰ্যালয়ৰ উদ্যোগত লুম্বাজং পৰিষদীয় সমষ্টিৰ আত্মসহায়ক গোট সমূহৰ মাজত আনুষ্ঠানিকভাবে তাঁত যন্ত্ৰ আৰু সূতা বিতৰণ কৰা হয়৷
হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ যুটীয়া সঞ্চালক তাপস কুমাৰ দে’, পূব কাৰবি আংলং বিজেপিৰ মহিলা মৰ্চাৰ ৰশ্মি টেৰণপী, ৰূপালী তেৰাঙপী আৰু বিজেপিৰ জিলা সম্পাদক মধুৰাম লেকথেৰ উপস্থিতিত কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য ৰতন টেৰণে আত্মসহায়ক গোট সমূহৰ মাজত সামগ্ৰী সমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে৷