দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰত দেওবাৰে বিজেপিৰ বড়িগোগ বনভাগ মণ্ডলৰ উদ্যোগত ঘগ্ৰাপাৰ হাইস্কুলত এখন সাংগঠনিক সভা অনুষ্ঠিত হয়।সভাত সভাপতিত্ব কৰে বড়িগোগ বনভাগ মণ্ডল সভাপতি মৃদুল কলিতাই। সভাখনৰ আঁঁত ধৰে সাঃসম্পাদক চন্দন ডেকাই।বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা কাৰ্য্যসুচীত আগন্তুক দলৰ ভেটী শক্তিশালী কৰাৰ কাৰণে কেইবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰা হয়।
সভাত উপস্তিত থাকে নলবাৰী জিলা সভাপতি বনদ্বীপ ডেকা ৰাজ্যিক বিজেপিৰ কাৰ্য্যানিৰ্বাহক মধুৰাম ডেকা, নলবাৰী জিলা বিজেপৰ উপ সভাপতি অপুৰ্ব শৰ্মা, বড়িগোগ বনভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি তৰুন বুজৰবৰুৱাকে ধৰি প্ৰায় দুইশতাধিক বিজেপৰ দলী কাৰ্য্যাকতাই। উক্ত সাংগঠনিক সভাত দলটোৰ বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক মধু ৰাম ডেকাই ভাষনত বিজেপিৰ কেন্দ্ৰ-ৰাজ্যৰ অভিলাষী আঁচনিসমুহ ৰাইজৰ মাজলৈ গৈ সম বিতৰনে দলটোৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰা বাবে দলীয় কৰ্মকৰ্তাক আহ্বান জনায়।