জয়ন্ত মুদৈ, নগাঁওঃ ভাষা,সাহিত্য আৰু সংস্কৃতি চৰ্চাৰ অনুশীলনৰ অন্যতম মঞ্চ নগাঁৱৰ অৰুণোদয় সাহিত্য চ’ৰাৰ পঞ্চম দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখন দেওবাৰে নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী টোডী স্মৃতি ভৱনত অনুষ্ঠিত হৈ যায়। এই অধিবেশনতে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাক অৰুণোদয় সন্মান-২০১৯ প্ৰদান কৰাৰ বিপৰীতে ডঃ দিলীপ শৰ্মা(প্ৰৱন্ধ), প্ৰদীপ কুমাৰ শইকীয়া (কবিতা) আৰু মুনমী বৰদলৈ (গল্প)ক চবিন ডেকা সোঁৱৰণী অৰুণোদয় সাহিত্য বঁটা প্ৰদান কৰা হয়।
ভৱেশ মেধিৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিতে কবি, সাংবাদিক ৰাহুল দেৱ বৰদলৈৰ সম্পাদনাত ‘অৰুণোদয়’ নামৰ সাহিত্য সংকলনটি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে। সম্পাদক মুৰুলী বৰুৱাই আঁত ধৰা অনুষ্ঠানত নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি কয় যে অৰুনোদয় সাহিত্য চ’ৰাই সাহিত্য চৰ্চা কৰাই নহয় নতুন নতুন লেখক-লেখিকাৰ জন্ম দি স্বিকৃতি প্ৰদান কৰিছে। ই এক অতি আদৰণীয় পদক্ষেপ।