জয়ন্ত মুদৈ, নগাঁওঃ ১৯৯৮ চনতে নগাঁও জিলাৰ গুৰুজনাৰ ওপজাভূমি বটদ্ৰৱাৰ কেইগৰাকীমান মহানুভৱ ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টাত প্ৰতিষ্ঠা লাভ কৰা শংকৰদেৱ বিদ্যা নিকেতনৰ ত্ৰি-বাৰ্ষিক সাধাৰণ সভাখন দেওবাৰে অনুষ্ঠিত কৰা হয়। নিকেতনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনিৰ আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই।
সমিতিৰ সভাপতি তৰুণ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদক সুনীল বৰুৱাই। অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি বটদ্ৰৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাই দিয়া চমু ভাষনত “বৌদ্ধিক আৰু আধ্যাত্মিক ভাবে পূৰ্ণ বিকশিত হৈ দেশ আৰু জাতিক সু-সংস্কৃতিবান কৰিবলৈ সমৰ্পিত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।”