জয়ন্ত মুদৈ,নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া ডিমৌ অঞ্চলৰ সৰবৰহী লোক হিচাপে জনসমাদৃত অতুল ডেকা(৬৬)ৰ মঙলবাৰে পুৱা প্ৰায় ১০ বজাত বাধৰ্ক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে৷ জানিব পৰা মতে, বিগত কিছুদিন ধৰি মধুমেহ আৰু উচ্চৰক্ত চাপজনীত ৰোগত শৰ্যাশায়ী হৈ থকা ডেকাই শেহতীয়াকৈ গ্ৰীষ্মৰ অতিমাত্ৰা দহনৰ বাবেই মৃত্যুক আকোঁৱালি ল’বলগীয়া হোৱা বুলি গুণমুগ্ধৰপৰা জানিব পৰা গৈছে৷
বিশেষকৈ বেবেজীয়াৰ দৰে বৃহৎ অঞ্চলটোৰ জনসমাজৰ মাজত নিজস্ব এক ভাৱমূৰ্ত্তিৰে জীৱন নাটৰ অৱসান ঘটোৱা ডেকা এগৰাকী নিষ্ঠাবান সামাজিক আৰু ৰাজনৈতিক ব্যক্তি হিচাপেও সুপৰিচিত আছিল৷ আমৃত্যু পৰ্যন্ত নগাঁও জিলাৰ অসম গণ পৰিষদ দলৰ বেবেজীয়া-ডিমৌ-বাংঠাই আঞ্চলিক কৃষক পৰিষদৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ উপৰিও কাছমাৰী সমবায় সমিতিৰ অন্যতম প্ৰতিষ্ঠাপক ৰূপেও সমাজ জীৱনলৈ সেৱা আগবঢ়াই যোৱা ডেকা কোঁচ ৰাজবংশী নগাঁও জিলা সমিতিৰ বিষয়-ববীয়াও আছিল৷