35
ফখৰুল ইছলাম,দৰংঃ একেৰাহে পৰি থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ পানী উফন্দি উঠাত প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে দৰং জিলাও।
দৰং জিলাৰ দলগাঁও আৰু মঙলদৈ সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া, ডিম্বুচৰ, ছাতিহাৰা, আটাকাটা শনিৰচৰ, কিৰাকাটা, মাগুৰমাৰী, বদলিৰ চৰ, শ্যামপুৰ, খেৰনি, ৰৌমাৰী, আদিকে ধৰি অৰ্ধ শতাধিক গাঁও ও হাজাৰ হাজাৰ বিঘা কৃষি ভূমি বৰ্তমান পানীৰ তলত।