হেমন্ত কলিতা,নলবাৰীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালিতাৰা, চটাইবাৰী, ধমধমা, ভেলামাৰী, নিজবৰশিৰালকে ধৰি প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে একেৰাহে পঞ্চম দিনলৈ বানত কক্ বকাই আছে। শেহতীয়াভাৱে পাগলদিয়া নৈৰ বিধ্বংসী বান আৰু ভূটানে এৰি দিয়া পানীয়ে জুৰুলা কৰা অঞ্চলটোৰ কৃষকসমাজৰ শ শ কৃষিভুমি বিস্তাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে সম্প্ৰতি ৰাইজৰ স্বাভাৱিক জীৱন আৰু পশুধনসমুহ তীব্ৰ খাদ্য সংকটত পৰিছে বুলি অভিযোগ উত্থাপিত হৈছে।
ইফালে, উক্ত অঞ্চলটোৰ বাট-পথসমুহ ভাঙি-ছিঙি যোৱাৰ লগতে ৰাইজে চৰম দুৰ্যোগৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। ৰাজহ চক্ৰৰ অন্তৰ্গত পাগলদিয়া নৈৰ বাঢ়নী পানীৰ লগতে ভূটানে এৰি দিয়া পানীয়ে ৰাজহ চক্ৰ টোৰ বালিতাৰা গাঁওপঞ্চায়তৰ ১, ২, ৩ আৰু ৪ নং বালিতাৰা, পূৱবৰশিৰাল, চটাইবাৰী, মাজৰশিৰাল, ধমধমা, ৰঙাফালি, শান্তিপুৰ, মোহনীয়া, ভেলামাৰী, আদি গাঁৱৰ কেবাবিঘা ভূঁই ৰোপন কৰা কৃষিভূমি পানীৰ তলত বুৰ হৈ থকাৰ উপৰিও দুই নং বালিতাৰা পানী যোগান আঁচনি পানীৰ তলত আছে।