বৰপেটাৰোডঃ কেইবাদিন দিন ধৰি মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ আদি কৰি ইয়াৰ উপ-নদী সমূহ ফেনে-ফোঁটোকাৰে পানী বাঢ়ি অহাৰ ফলত বহু লক্ষধিক লোকৰ ঘৰ-দুৱাৰ, বাট-পথ, কৃষিভূমি বানত জলমগ্ন হোৱাৰ লগতে বহু কেইজনৰ সলিল সমাধিও হ’বলগীয়া হৈছে বানত।
ঠিক তেনেদৰে নামনি অসমৰ বাণিজ্য প্ৰধান চহৰ বৰপেটাৰোডৰ সমীপৰ বেকী আৰু পল্লা নদীৰ বানে বহু হাজাৰধিক লোকৰ ঘৰ-দুৱাৰ, বাট-পথৰ লগতে বহু লক্ষাধিক হেক্টৰ-ভূমিৰ শালি-লাহি ধানৰ ৰোপিত কৃষি ভূমি জলমগ্ন হোৱাত দৰিদ্ৰ কৃষকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হোৱাৰ লগতে মূৰে কপালে হাত দিবলগীয়া হৈছে।