ছাদিকুজ জামান, মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰত কৃষি ঋণৰ নামত সংঘটিত হৈছিল কোটি টকীয়া কেলেংকাৰী৷ কেলেংকাৰীক গাপ দিবলৈ ভাৰতীয় ষ্টেট বেংকৰ মোৰাঝাৰ শাখা নীলবাগানত স্থানান্তৰকৰণৰ চেষ্টা চলাইছিল এটা অসাধু চক্ৰই৷
অৱশেষত সংবাদ মাধ্যমত ফাদিল হৈছিল কেলেংকাৰীৰ বিতং তথ্য৷ গ্ৰাহক ৰাইজৰ প্ৰতিবাদ আৰু নৱ নিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ তৎপৰতাত বাতিল হ’ল বেংক হস্তান্তৰ ষড়যন্ত্ৰ৷ মোৰাঝাৰ বজাৰত এচ বি আই মোৰাঝাৰ শাখা গ্ৰাহক সুৰক্ষা ও সমন্বয় সমিতি, এন এচ ইউ আই, আমছু,ইউ ডি এচ এফ, আকছু, নেমছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, ড্ৰাইভাৰ ইউনিয়ন, মোৰাঝাৰ ব্যৱসায়ী সংস্থাকে ধৰি স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত মোৰাঝাৰ বজাৰত সাধাৰণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হৈছিল৷